Posts

আবেলিৰ বেলি ২

Image
বাহঃ বোম লিলিমাই চোন ! পিছফালৰ পৰা অহা মাতটো অম্লানে ঠিকেই ধৰিব পাৰিলে সেয়া যে সমীৰণ । মূৰটো নুঘূৰোৱাকৈয়ে অশ্লীল মাত এটা মাতি ক'লে " আবে কোন জহনী বে কে#" তাৰপিছত তালৈ চাই ক'লে "ওহ্ সমীৰ দেখোন, এই ভবাই নাছিলো নহয় আহ পোনাকণ বহি ল অকণ" স্কুটিখন অম্লানৰ বাইকৰ ওচৰতে ৰখাই হাঁহি হাঁহি সমীৰণে ক'লে "মই বুলি নাজানিহে গালি দুটা পাৰিলি ন, জানিলে কমখন ইজ্জত দি আছে বেথে আনিলিহেতেন নে খেচৰ ক'ৰবাৰ" এইবাৰ প্ৰণামীয়ে মাত লগালে "ঐ তহত দুটাই পাহৰি গ'লি নেকি ময়ো যে আছো, গালিৰ মেলা উলিয়াইছ যে?" অম্লান আৰু সমীৰণ দুইটাই একেমুখে ক'লে "কিয় কি তই ৰঞ্জন দত্ত নেকি, ড'ন্ট ইউ দেয়াৰ ইউজিংগ এবিউচিভ লেংগুয়েজ এনিহোৱেৰ নিয়েৰ মি, হাঃ হাঃ হাঃ" এবাৰ সমীৰণে আৰ্টছ কেন্টিনৰ চিৰিত বহি আড্ডা দি আছিল, লগৰে কোনোবা এটাক ধেমালীতে কিবা কৈ এষাৰ অশ্লীল তাৰ মতে চেমি-অশ্লীল গালি দিছিল,‌হেন সময়তে কেন্টিনৰ পৰা ওলাই আহিল নহয় ৰাজনিতী বিজ্ঞানৰ অধ্যাপক ৰঞ্জন দত্ত ছাৰ । সমীৰণক এনেকুৱা কথা শুনালে , একেবাৰে শিক্ষা-দীক্ষালৈকে গ'ল তাৰ । বেছে

invigorate

Image
Invigorate Putting the beg in the ground Abani started thinking "Where the weight was heavier, in my arms or in my pocket?" Whatever, we have to eat as we did before. "Hello, mister, where have you lost??" His thoughts were blocked by the voice of his better half. He mildly replied "Nothing important, let's have a cup of tea" Our life is so ordinary, out of these ordinary people doesn't Buddha came out as an extraordinary ! What kind of impacts can an ordinary sick person, a corpse and a old person cause to make a man sacrifice all the property, family, everything he had. Buddha never felt hungry, did he felt pain? Buddha had no lust, did he ever felt tired?? Untill his wife arrives with the tea, he almost digged out whole history of Buddha. Of course there is a reason for it. The old man in the market sitting in with few betel leaves and a pair of Squeakers was like Buddha, his hairs were not curly but he surly had a bun on his

আবেলিৰ বেলি

Image
"কি হ'ল, বাইকখন বেয়া হ'ল নেকি কিবা?" দলংখনৰ ওপৰ পাওঁতে একাষলৈ গৈ হঠাৎ ৰৈ দিয়াত তাই আচৰিত হৈ সুধিলে । তাই মানে অম্লানৰ প্ৰেয়সী, আচলতে বান্ধবী বুলিবলৈহে দুয়োটাই বেছি ভাল পায় । "নাই হোৱা, বেলিটো চাচোন" কৈ কৈ বাইকৰ পৰা ‌নামি দলংৰ ৰেলিংখনত বহিয়েই ল'লে সি । সমবয়সীয়া আনবোৰতকৈ তাহাত দুটা কিছু পৃথক, উচ্চাকাংক্ষী যদিওঁ সৰু সৰু বস্তুত সুখ বিচাৰি ল'ব জানে । এতিয়া আন্ধাৰ নোহোৱালৈ বাৰে বিংকৰা কথাবোৰ পাতিব দুইটাই । "ঐ মন, বেলিটো অকণ সলনি হৈছে ন আগতকৈ? তাৰ কাষতে বহি বেলিটোলৈ চাই তাই সুধিলে ।  "হেঃ নাইবে, বেলিটো কি চেঞ্জ হব প্ৰদূষণ বেছি হৈছে চাগে আগত কৈ, গৰম বাঢ়িছে অকণ" সি উত্তৰ দিলে ।  তাই এইবাৰ অকণ গহীন হৈ কলে "এহ নহয় তই বুজা নাই, মনত পেলাচোন আমি সৰু থাকোতে বেলিটো কেনেকুৱা আছিল । মই জাননে দুপৰীয়াৰ পৰা এইখিনি পৰলৈ খেলিছিলো, ধানখেৰত জপিয়াই জপিয়াই। ভৰালৰ ভিতৰত সােমাই থাকো লুকাভাকু খেলিলে। মায়ে বকি বকি দুচাট লগাই হাতখনত ধৰি যেতিয়া ঘৰলৈ টানি নিছিল চকু পানী মচি পিছফালে চাওঁ, বেলিটো এনেকৈ ডুবিব ধৰে কিন্তু পৰিবেশটো ইয়াতকৈ অকণ বেলেগ আছিল

অক্লান্ত

Image
বজাৰৰ মোনাখন মাটিত থৈ অৱনীয়ে ভাবিলে "মোনাখনৰ ভৰটো হাতদুখনত বেছিকৈ পৰিল নে জেপত !" যাঃ য'ত পৰিলেওঁ খাবটো লাগিবই । কি‌হে,‌থৰ লাগলাক দুহু তাতে,‌কি ভাবছি? সহধৰ্মিনীৰ মাততহে সম্বিৎ ঘূৰি আহিল,‌লাহেকৈ ক'লে "নাই য আকো, য চাহ এক কাপ বহে দ্যা" মানুহবোৰৰ জীৱন এনেকুৱাই সাধাৰণ, তাৰ মাজৰে পৰাই জানো বুদ্ধ অহা নাছিল? সাধাৰণ সাধাৰণ লগা ৰোগী এজন, সাধাৰণ বৃদ্ধ এজন, সাধাৰণ মৃতদেহ এটাই কি চিন্তাৰ উন্মেষ ঘটাইছিল যে সমস্ত ঘৰ-সংসাৰ-সম্পত্তি ত্যাগ কৰি গুছি গৈছিল ! বুদ্ধৰ ভোক লাগিছিল, পীঢ়া অনুভৱ হৈছিল নে? বুদ্ধৰ বাসনা নাছিল, ভাগৰ আছিল নে? চাহকাপ আহি পোৱালৈকে অবনীয়ে গোটেই বুদ্ধৰ বুৰঞ্জীয়ে ঘোটালি পেলালে, কাৰণ আছে , বজাৰত পাণ দুমুঠি, পাৰ এযোৰ লৈ বহি থকা‌ বেপাৰীটো বুদ্ধৰ দৰে আছিল, চুলিবোৰ কেঁকোৰা কেকুৰী নাছিল চাগে কিন্তু খোপা আছিল তাৰ । ্ বুঢ়াৰ কাষত বহি ছোৱালী কেইজনীলৈ চাই মিচিকিয়াই থকা চেঙেলীয়াটোৱে মোনাখনৰ ভাৰ ল'বলৈ সাজুনে বুলি বুঢ়াই তাক‌ সুধোতে থতমত খাই বেছেৰাটোৱে সেমেনা সেমেনিকৈ হাঁহি এটা মাৰিছিল । বুঢ়াক‌ এইকাৰণেই বুদ্ধৰ দৰে লাগিছিল কাৰণ বুঢ়াৰ এটা প্ৰশ্নই চেঙ