আবেলিৰ বেলি




"কি হ'ল, বাইকখন বেয়া হ'ল নেকি কিবা?" দলংখনৰ ওপৰ পাওঁতে একাষলৈ গৈ হঠাৎ ৰৈ দিয়াত তাই আচৰিত হৈ সুধিলে ।
তাই মানে অম্লানৰ প্ৰেয়সী, আচলতে বান্ধবী বুলিবলৈহে দুয়োটাই বেছি ভাল পায় ।
"নাই হোৱা, বেলিটো চাচোন" কৈ কৈ বাইকৰ পৰা ‌নামি দলংৰ ৰেলিংখনত বহিয়েই ল'লে সি ।
সমবয়সীয়া আনবোৰতকৈ তাহাত দুটা কিছু পৃথক, উচ্চাকাংক্ষী যদিওঁ সৰু সৰু বস্তুত সুখ বিচাৰি ল'ব জানে । এতিয়া আন্ধাৰ নোহোৱালৈ বাৰে বিংকৰা কথাবোৰ পাতিব দুইটাই ।
"ঐ মন, বেলিটো অকণ সলনি হৈছে ন আগতকৈ? তাৰ কাষতে বহি বেলিটোলৈ চাই তাই সুধিলে । 

"হেঃ নাইবে, বেলিটো কি চেঞ্জ হব প্ৰদূষণ বেছি হৈছে চাগে আগত কৈ, গৰম বাঢ়িছে অকণ" সি উত্তৰ দিলে ।
 তাই এইবাৰ অকণ গহীন হৈ কলে "এহ নহয় তই বুজা নাই, মনত পেলাচোন আমি সৰু থাকোতে বেলিটো কেনেকুৱা আছিল । মই জাননে দুপৰীয়াৰ পৰা এইখিনি পৰলৈ খেলিছিলো, ধানখেৰত জপিয়াই জপিয়াই। ভৰালৰ ভিতৰত সােমাই থাকো লুকাভাকু খেলিলে। মায়ে বকি বকি দুচাট লগাই হাতখনত ধৰি যেতিয়া ঘৰলৈ টানি নিছিল চকু পানী মচি পিছফালে চাওঁ, বেলিটো এনেকৈ ডুবিব ধৰে কিন্তু পৰিবেশটো ইয়াতকৈ অকণ বেলেগ আছিল।"

"হমম আমিও পথাৰত খেলি খেলি উভটিব লওঁ এইখিনি পৰত, পৰিৱেশটো বেলেগ আছিল নে মানুহবোৰ বেলেগ হৈ গ'ল জানাে! আগতে আমাৰ মূৰৰ ওপৰেৰে জাক জাক চৰাই গৈছিল, এতিয়া চাচোন, কিবাকে এটা চৰাই দেখিবি আৰু। মুখ হাত ধুই যেতিয়া পঢ়িব বহাে নামঘৰত দবা কোবাই । আজিকালিচোন নোহোৱাই হ'ল এইবোৰ।" অম্লানে কৈ গ'ল।
 এইবাৰ তাই মাজতে কৈ উঠিল আজিকালি জাননে বহুতো গোন্ধও নােপােৱা হ'লো, বৰষুণ দিলে যে কেঁচা মাটিৰ গোন্ধ এটা ওলায় আজিকালি নাপাওঁ চোন। আৰু যে গধূলি বকুল ফুলৰ গোন্ধ, ঠাণ্ডাৰ দিন কেইটাত ৰাতিপুৱাই শেৱালী ফুলৰ গোন্ধ পাইছিলাে আজিকালি নাই।" তাইৰ মাতটোত দুখ স্পষ্টকৈ ধৰিব পাৰি। মনে তাইক হহুৱাবলৈয়ে কলে "হবদে এইবাৰ তােক এটা বকুল ফুলৰ আৰু এটা শেৱালী ফুলৰ পাৰফিউম দিম"

তায়াে লগে লগে উত্তৰ দিলে " বাদ দে ভিক্ষু তােৰ পইচা নােলাই দে মােক কিবা দিব লাগিলে।" সি‌ হাঁহি হাঁহি ক'লে " হব‌ তেনেহ'লে চেম, পাৰফিউম্ থকা ধুপকাঠী দিম" ধুমকৈ পিঠিত পৰা ঘােচাটোত তাৰ হাঁহি দুগুণে চৰিল ।

"পুৱাৰ বেলিটো আৰু আবেলিৰ বেলিটো কিউট লাগে দে ন, মোৰ দৰে" একদম সৰু পোৱালিৰ দৰে মুখ বনাই তাৰ পিনে চাই প্ৰণামীয়ে সুধিলে । 
"তই এনেকৈ থাকিলে লাগে বাৰু, খং কৰিলেহে জেঠ মাহৰ দুপৰীয়াৰ বেলিটো হৈ যাৱ! " অম্লানে হাঁহি উত্তৰ দিলে । এইবোৰ কাৰণতেই তাৰ মৰম লাগি যায় বান্দৰীজনীক। দুইটাই স্কুলৰ পৰাই একেলগে পঢ়া যদিওঁ স্কুলত মাতবোলেই নাছিল, কেতিয়াবা সি ভাবে যদি সিদিনা তাইক বায়োলোজীৰ ক্লাছনোটতো নুখুজিলেহেতেন যদি মাতবোলেই ন'হ'লহেতেন কি কৰি থাকিলেহেতেন বাৰু দুইটাই !

ক্ৰমশঃ........



Comments

Popular posts from this blog

আবেলিৰ বেলি ২

অক্লান্ত