অক্লান্ত

বজাৰৰ মোনাখন মাটিত থৈ অৱনীয়ে ভাবিলে "মোনাখনৰ ভৰটো হাতদুখনত বেছিকৈ পৰিল নে জেপত !"
যাঃ য'ত পৰিলেওঁ খাবটো লাগিবই ।
কি‌হে,‌থৰ লাগলাক দুহু তাতে,‌কি ভাবছি?
সহধৰ্মিনীৰ মাততহে সম্বিৎ ঘূৰি আহিল,‌লাহেকৈ ক'লে "নাই য আকো, য চাহ এক কাপ বহে দ্যা"
মানুহবোৰৰ জীৱন এনেকুৱাই সাধাৰণ, তাৰ মাজৰে পৰাই জানো বুদ্ধ অহা নাছিল?
সাধাৰণ সাধাৰণ লগা ৰোগী এজন, সাধাৰণ বৃদ্ধ এজন, সাধাৰণ মৃতদেহ এটাই কি চিন্তাৰ উন্মেষ ঘটাইছিল যে সমস্ত ঘৰ-সংসাৰ-সম্পত্তি ত্যাগ কৰি গুছি গৈছিল !
বুদ্ধৰ ভোক লাগিছিল, পীঢ়া অনুভৱ হৈছিল নে?
বুদ্ধৰ বাসনা নাছিল, ভাগৰ আছিল নে?
চাহকাপ আহি পোৱালৈকে অবনীয়ে গোটেই বুদ্ধৰ বুৰঞ্জীয়ে ঘোটালি পেলালে, কাৰণ আছে , বজাৰত পাণ দুমুঠি, পাৰ এযোৰ লৈ বহি থকা‌ বেপাৰীটো বুদ্ধৰ দৰে আছিল, চুলিবোৰ কেঁকোৰা কেকুৰী নাছিল চাগে কিন্তু খোপা আছিল তাৰ । ্
বুঢ়াৰ কাষত বহি ছোৱালী কেইজনীলৈ চাই মিচিকিয়াই থকা চেঙেলীয়াটোৱে মোনাখনৰ ভাৰ ল'বলৈ সাজুনে বুলি বুঢ়াই তাক‌ সুধোতে থতমত খাই বেছেৰাটোৱে সেমেনা সেমেনিকৈ হাঁহি এটা মাৰিছিল ।
বুঢ়াক‌ এইকাৰণেই বুদ্ধৰ দৰে লাগিছিল কাৰণ বুঢ়াৰ এটা প্ৰশ্নই চেঙেলীয়াটোৰ লগতে অবনীৰো মনত বহু প্ৰশ্ন আনি দিছে ।
কেতিয়াবা বাবুয়ে ঠিকেই কৰা যেন লাগে ।
বাবু অবনীৰ খুৰাক,‌মানুহটো খুহুটীয়া কিন্তু নিজৰ ঘৰৰ মানুহখিনিয়ে দেখিব নোৱাৰে তেওঁক ।
তাহাতে কয় মানুহটো ইমান স্বাৰ্থপৰ নিজৰ ল'ৰাটোলৈ একো এটা নকৰিলে, এটা টকা নোলাল তাক দিবলৈ, ইমান বছৰ মোটা দৰমহাৰ চাকৰি কৰিওঁ নিজৰ বুলিবলৈ ঘৰ এটা নাই ।
থাকিব ক'ৰ পৰা চখত গোটেই টকা উৰালে ।
দৰমহা সোমাবৰ দিনা তেওঁ পাৰ্লাৰত সোমাই ফেচিয়েল/ম্যাছাজ কৰাবই ।
কেতিয়াবা এনেকুৱা লাগে হয়টো ঠিকেই কৰিলে তেওঁ জীৱনটো উপভোগ কৰিলে, কিন্তু মানুহবোৰ এতিয়া খুব ভাগৰ দিনটো বহিয়েই কটায়, অকলে ।
যেতিয়া নিজৰ এই ঘৰটোলৈ চাই অবনীয়ে, তাৰ মনত পৰে ঠেলাখনেৰে নিজেই মাটি কঢ়িয়াই ভিঠাটো ভৰাইছিল, অফিচৰ‌পৰা আহি নিতৌ কেইবা বাল্টিও পানী কঢ়িয়াই ন কৈ গঠা বেৰখনত ঢালিছিল এতিয়া সেইবোৰ ভাবিলে নিজকে অক্লান্ত যেন লাগে ।
মোনাখনৰ ভৰটো যেন কমি যায়, আৰু নিৰ্বান লাভ কৰা বুদ্ধৰ দৰে প্ৰশান্তিৰ ভাব আহে ।
ল'ৰাটোৱে খুটি খাব পৰা হৈছে মোনাৰ ভৰ ল'ব পৰা হৈছে তথাপি তাক দুখন মোনাৰ ভৰ ল'ব দিয়া নাই ।
অবনীয়ে তেনেকৈয়ে অক্লান্ত অনুভৱ কৰে, চাহকাপ নামতহে অৱসাদ গুছোৱা আহিলা ।

Comments

Popular posts from this blog

invigorate

আবেলিৰ বেলি ২