আবেলিৰ বেলি ২
বাহঃ বোম লিলিমাই চোন ! পিছফালৰ পৰা অহা মাতটো অম্লানে ঠিকেই ধৰিব পাৰিলে সেয়া যে সমীৰণ । মূৰটো নুঘূৰোৱাকৈয়ে অশ্লীল মাত এটা মাতি ক'লে " আবে কোন জহনী বে কে#" তাৰপিছত তালৈ চাই ক'লে "ওহ্ সমীৰ দেখোন, এই ভবাই নাছিলো নহয় আহ পোনাকণ বহি ল অকণ" স্কুটিখন অম্লানৰ বাইকৰ ওচৰতে ৰখাই হাঁহি হাঁহি সমীৰণে ক'লে "মই বুলি নাজানিহে গালি দুটা পাৰিলি ন, জানিলে কমখন ইজ্জত দি আছে বেথে আনিলিহেতেন নে খেচৰ ক'ৰবাৰ" এইবাৰ প্ৰণামীয়ে মাত লগালে "ঐ তহত দুটাই পাহৰি গ'লি নেকি ময়ো যে আছো, গালিৰ মেলা উলিয়াইছ যে?" অম্লান আৰু সমীৰণ দুইটাই একেমুখে ক'লে "কিয় কি তই ৰঞ্জন দত্ত নেকি, ড'ন্ট ইউ দেয়াৰ ইউজিংগ এবিউচিভ লেংগুয়েজ এনিহোৱেৰ নিয়েৰ মি, হাঃ হাঃ হাঃ"
এবাৰ সমীৰণে আৰ্টছ কেন্টিনৰ চিৰিত বহি আড্ডা দি আছিল, লগৰে কোনোবা এটাক ধেমালীতে কিবা কৈ এষাৰ অশ্লীল তাৰ মতে চেমি-অশ্লীল গালি দিছিল,হেন সময়তে কেন্টিনৰ পৰা ওলাই আহিল নহয় ৰাজনিতী বিজ্ঞানৰ অধ্যাপক ৰঞ্জন দত্ত ছাৰ ।
সমীৰণক এনেকুৱা কথা শুনালে , একেবাৰে শিক্ষা-দীক্ষালৈকে গ'ল তাৰ । বেছেৰাটোয়ে শেষত ক'লে ছাৰ আমি নিজৰ মাজত ধেমালিতে কেতিয়াবা.....তাৰ কথা শেষেই হব নিদিলে ছাৰে আকৌ ক'লে " না, ধেমালি নহয়, ড'ন্ট ইউ ডেয়াৰ....."
আজিওঁ দুইটাই সেইটো মনত পেলাই গিৰ্জনি মাৰি হাঁহি উঠিল ।
দুইটাকে ৰখাই প্ৰণামীয়ে ক'লে "হব দে এ, ঐ সমীৰ তই ইয়াত ক'ৰ পৰা আৰু আমি দুটা বুলি কেনেকৈ গম পাৰি?"
"মই ঘৰলৈ গৈছিলো, এই হোষ্টেললৈ উভটিছো এতিয়া, ইয়াৰ বাইকখন চিনি পাইছো, তহত দুটাই হবি বুলি যে গম পাইছোয়েই " সমীৰণে উত্তৰ দিলে ।
প্ৰণামীয়ে এইবাৰ অকণ ধেমালীৰ সুৰত ক'লে তই মানে ৰাষ্টাৰে গৈ থাকিলে ছোৱালী চাই চাই যাৱ,লাগিলে কোনোবা বয়ফ্ৰেণ্ডৰ লগতেই বহি নাথাকক কিয়?
সমীৰণৰ হৈ অম্লানে উত্তৰটো দিলে "ক্যা কৰে, আদত চে মঝবুৰ"
সমীৰণে এইবাৰ প্ৰণামীক ক'লে "তয়োচোন গধূলি পৰত সুন্দৰবড়ীৰ ফালে ছোৱালী চাব যাৱ, মই ছোৱালী চালেতো ঠিক ঠাকেই দেখি, তোকহে...."
তাই কৃত্ৰিম খং অকণ দেখুৱাই ক'লে "ঐ তই মাৰ খাবি"
"ঐ সমীৰ এইৰ যে গাৰ্লফেইণ্ডৰ লগত ব্ৰেকআপ হ'ল কাহিনীটো জাননে নাই" অম্লানে সমীৰণক ক'ব লৈছিলহে প্ৰণামীয়ে তাৰ পিনে ঘোপাকৈ চাই ক'লে বেছি হৈছে কিন্তু দেই ।
"বাদ দে তাইৰ দম, দে ক মোক, গাৰ্লফ্ৰেইণ্ড মানে মৌ-মাখি? মানে মৌমিতা" সমীৰণে ক'লে ।
অম্লানে প্ৰণামীলৈ নোচোৱাকৈ হাঁহিটো চেপি ক'ব ল'লে, "অ মৌমিতা, এই সিদিনা মোৰ পৰা ৪টা গোল্ডফ্লেক লৈ গ'ল ৰাতি হোষ্টেলত মনে মনে খাব আৰু তাহাত চাৰিজনী মিলি, মৌমাখিয়ে গৈ লগাই দিলে ন ইহঁতৰ চিনিয়ৰ যে পেটলী শিখা, তাইক ।
তাৰপিছত? সমীৰণে সুধিলে ।
"তাৰপিছত আৰু কি আহি লৈ গ'ল চিনিয়ৰ কেইজনীয়ে, তেতিয়াৰ পৰা মৌমাখিৰ লগত ব্ৰেকআপ" হাঃ হাঃ হাঃ কথাখিনি কৈ দুইটাই হাঁহিত বাগৰি পৰিল । দুইটাৰে পিঠিত দুপ দুপকৈ দুটা ভুকু লগাই মুখখন মিছাকৈ ফুলাই বহিল আকৌ ।
সমীৰণে ক'লে "ঐ মন, ব'ল ব'ল চুপতি মাৰোতে ৬টাই বাজিল,আজি আকৌ এম.এল.এ আহিব হোষ্টেলত ।"
কোন এম.এল.এ? প্ৰণামীয়ে সুধিলে ।
"ও তই চিনি নাপাই, মোমিন লস্কৰ আহমেদ ওৰফে এম্ এল্ এ, আমাৰ চুপাৰ চিনিয়ৰ । আহিলে মোৰ ৰূমটো দখল ধৰে নহয়, অকণ সোনকাল গৈ ঠিক ঠাক কৰি থওঁ ।"
যাবলৈ ওলাই বাইকত বহি সমীৰণৰ স্কুটিৰ আগত থকা বেগটোত চকু গৈ প্ৰণামীয়ে সুধিলে "ঐ সমীৰ গুৰৰ লাৰু আনিছ নেকি ঘৰৰ পৰা?"
সি তাইলৈ নোচোৱাকৈয়ে উত্তৰটো দিলে "আছে ৰ, যাওঁতে লৈ যাবি দুটা "
গড়চুক উঠি হাইৱে হৈ নগৈ চাৰ্ভিচ লেনটোৰে বাইকখন সোমাই দিলে অম্লানে, লুকিং মিৰৰখনত দেখিলে সমীৰণেওঁ একেফালেই সোমাই দিছে । এইখিনি ঠাই পালে সি সদায় চাৰ্ভিচ লেনটোৰে সোমাই দিয়ে কাৰণ এটাই, ৰাষ্টাৰ কাষতে থকা অসম আৰ্হিৰ মৰমলগা ঘৰটো চাই যাব দুইটাই । সৰু ঘৰটোৰ জপনামুখতেই দুফালে দুডাল জোপোহা গছ আছে, অকণমানি কিন্তু পৰিপাটী ফুলনিখনেৰে ঘৰটো সঁচাকৈয়ে বৰ মৰমলগা । সি মনতে ভাবে এনেকুৱা এটা ঘৰ হ'লে মানুহক মস্ত মস্ত অট্টালিকা কিয় লাগে!
সমীৰণে ৰেচটো অকণ বঢ়াই তাৰ ওচৰলৈ আহি মাত লগালে ঐ বুলি । অম্লানে বুজি পালে সি কি ক'ব ওলাইছে, চকুৰে ইংগিত দি তাক ৰখালে । চিগাৰেট এটাৰ দৰকাৰ তাকো হৈছে কিন্তু প্ৰণামী আছে বাবে নৰখিলে । গালি গালাজ নকৰে, খাবলৈ মানাওঁ নকৰে ওলোটা তাইকো কিনি দিব লগা হয়, এনেকৈ ফূৰ্টিতে খাওঁতে খাওঁতে অভ্যাস হৈ যাব কাৰণেহে তাইৰ আগত নজ্বলাই । আজি লগত সমীৰণ থকা বাবেই নেকি বেছি দূৰ দূৰ নালাগিল বাটছোৱা, আহি তাইৰ হোষ্টেল পালেই । নামিয়েই সমীৰলৈ চাই আব্দাৰৰ সুৰত তাই ক'লে "দি এতিয়া"
সি চাগে পাহৰিছিল, ওলোটাই তাইক সুধিলে "কি লাগে ঔ"
তাই ক'লে "পাহৰিলিয়ে নে ঘণ্টা, এইকাৰণে কওঁ ভাং খাব নালাগে, লাৰু দে "
এইবাৰ খপজপকৈ বেগটো খুলি হাঁহি এটা মাৰি ক'লে " ও বে, পাহৰিছিলো ৰ ৰ" কেৰিবেগ এটাত তাইক কেইবাটাও লাৰু বান্ধি দি সি ক'লে "হ ল, মৌমাখি পৰিব নিদিব ইয়াত "
"নিদো দে, যা এটিয়া ভাগ য়হা চে" দুইটালৈ চাই কৈয়েই হোষ্টেল লৈ খোজ ল'লে তাই ।
"ব'ল ঐ সমীৰ, ডেকা দাৰ দোকানত চিগাৰেটতো জ্বলাই গৈ থাকো" প্ৰণামী যোৱালৈ চাই চাই সি ক'লে ।
ক্ৰমশঃ
Comments
Post a Comment