বজাৰৰ মোনাখন মাটিত থৈ অৱনীয়ে ভাবিলে "মোনাখনৰ ভৰটো হাতদুখনত বেছিকৈ পৰিল নে জেপত !" যাঃ য'ত পৰিলেওঁ খাবটো লাগিবই । কিহে,থৰ লাগলাক দুহু তাতে,কি ভাবছি? সহধৰ্মিনীৰ মাততহে সম্বিৎ ঘূৰি আহিল,লাহেকৈ ক'লে "নাই য আকো, য চাহ এক কাপ বহে দ্যা" মানুহবোৰৰ জীৱন এনেকুৱাই সাধাৰণ, তাৰ মাজৰে পৰাই জানো বুদ্ধ অহা নাছিল? সাধাৰণ সাধাৰণ লগা ৰোগী এজন, সাধাৰণ বৃদ্ধ এজন, সাধাৰণ মৃতদেহ এটাই কি চিন্তাৰ উন্মেষ ঘটাইছিল যে সমস্ত ঘৰ-সংসাৰ-সম্পত্তি ত্যাগ কৰি গুছি গৈছিল ! বুদ্ধৰ ভোক লাগিছিল, পীঢ়া অনুভৱ হৈছিল নে? বুদ্ধৰ বাসনা নাছিল, ভাগৰ আছিল নে? চাহকাপ আহি পোৱালৈকে অবনীয়ে গোটেই বুদ্ধৰ বুৰঞ্জীয়ে ঘোটালি পেলালে, কাৰণ আছে , বজাৰত পাণ দুমুঠি, পাৰ এযোৰ লৈ বহি থকা বেপাৰীটো বুদ্ধৰ দৰে আছিল, চুলিবোৰ কেঁকোৰা কেকুৰী নাছিল চাগে কিন্তু খোপা আছিল তাৰ । ্ বুঢ়াৰ কাষত বহি ছোৱালী কেইজনীলৈ চাই মিচিকিয়াই থকা চেঙেলীয়াটোৱে মোনাখনৰ ভাৰ ল'বলৈ সাজুনে বুলি বুঢ়াই তাক সুধোতে থতমত খাই বেছেৰাটোৱে সেমেনা সেমেনিকৈ হাঁহি এটা মাৰিছিল । বুঢ়াক এইকাৰণেই বুদ্ধৰ দৰে লাগিছিল কাৰণ বুঢ়াৰ এটা প্ৰশ্নই চেঙ
Comments
Post a Comment