আবেলিৰ বেলি ২
বাহঃ বোম লিলিমাই চোন ! পিছফালৰ পৰা অহা মাতটো অম্লানে ঠিকেই ধৰিব পাৰিলে সেয়া যে সমীৰণ । মূৰটো নুঘূৰোৱাকৈয়ে অশ্লীল মাত এটা মাতি ক'লে " আবে কোন জহনী বে কে#" তাৰপিছত তালৈ চাই ক'লে "ওহ্ সমীৰ দেখোন, এই ভবাই নাছিলো নহয় আহ পোনাকণ বহি ল অকণ" স্কুটিখন অম্লানৰ বাইকৰ ওচৰতে ৰখাই হাঁহি হাঁহি সমীৰণে ক'লে "মই বুলি নাজানিহে গালি দুটা পাৰিলি ন, জানিলে কমখন ইজ্জত দি আছে বেথে আনিলিহেতেন নে খেচৰ ক'ৰবাৰ" এইবাৰ প্ৰণামীয়ে মাত লগালে "ঐ তহত দুটাই পাহৰি গ'লি নেকি ময়ো যে আছো, গালিৰ মেলা উলিয়াইছ যে?" অম্লান আৰু সমীৰণ দুইটাই একেমুখে ক'লে "কিয় কি তই ৰঞ্জন দত্ত নেকি, ড'ন্ট ইউ দেয়াৰ ইউজিংগ এবিউচিভ লেংগুয়েজ এনিহোৱেৰ নিয়েৰ মি, হাঃ হাঃ হাঃ" এবাৰ সমীৰণে আৰ্টছ কেন্টিনৰ চিৰিত বহি আড্ডা দি আছিল, লগৰে কোনোবা এটাক ধেমালীতে কিবা কৈ এষাৰ অশ্লীল তাৰ মতে চেমি-অশ্লীল গালি দিছিল,হেন সময়তে কেন্টিনৰ পৰা ওলাই আহিল নহয় ৰাজনিতী বিজ্ঞানৰ অধ্যাপক ৰঞ্জন দত্ত ছাৰ । সমীৰণক এনেকুৱা কথা শুনালে , একেবাৰে শিক্ষা-দীক্ষালৈকে গ'ল তাৰ । বেছে...